Monday, 3 January 2022

Assam Police SI Important Question Answers

Assam Policei is Important Question Answers, ইয়াত বিভিন্ন ধৰণৰ পৰীক্ষাৰ প্ৰশ্ন আৰু উত্তৰ আলোচনা কৰা হয়, Visit site


১) প্ৰশ্ন : মানুহৰ বৈজ্ঞানিক নাম কি?

উত্তৰ : হোমোচেপিয়ান।

২) প্ৰশ্ন : জীৱ কাক বোলে?

উত্তৰ : যাৰ জীৱন আছে তাক জীৱ বোলে।


৩) প্ৰশ্ন : সমগ্ৰ জীৱ – জগতক কেইটা প্ৰধান ভাগত ভাগ কৰা হৈছে?

উত্তৰ : দুটা ভাগত। যেনে – উদ্ভিদ আৰু প্ৰাণী।

৪) প্ৰশ্ন : উদ্ভিদ আৰু প্ৰাণীৰ মাজত প্ৰধান পাৰ্থক্য কি কি?

উত্তৰ : প্ৰাণীয়ে নিজৰ অঙ্গ – প্ৰত্যঙ্গ সঞ্চালন কৰি এঠাইৰ পৰা আন ঠাইলৈ যাব পাৰে কিন্ত প্ৰাণীৰ দৰে উদ্ভিদে স্থান পৰিৱৰ্তন কৰিব নোৱাৰে।


৫) প্ৰশ্ন : জীব – বিৱৰ্তন কাক বোলে?

উত্তৰ : কোনো সৰল প্ৰজাতিৰ পৰা গুণগত আৰু পৰিমাণগত পৰিৱৰ্তনৰ মাধ্যমেৰে অধিক জটিল প্ৰজাতিৰ উদ্ভৱ হোৱাকে জীৱ বিৱৰ্তন বোলে

৬) প্ৰশ্ন : জীৱ বিৱৰ্তনৰ জনক কোন?

উত্তৰ : চাৰ্লচ ডাৰউইন।

৭) প্ৰশ্ন : জীৱ বিৱৰ্তনৰ সৈতে অভিযোজনৰ সম্পৰ্ক কি?

উত্তৰ : পৰিবেশৰ প্ৰভাৱত অভিযোজনৰ মাধ্যমেৰেই জীৱ – বিৱৰ্তন সম্পন্ন হয়।

৮) প্ৰশ্ন : প্ৰাণী দেহত হৰমন সৃষ্টিকাৰী গ্ৰন্থিক কি বোলে?

উত্তৰ : এণ্ডোক্ৰিন গ্ৰন্থি।

৯) প্ৰশ্ন : অক্সিন কি?

উত্তৰ : এবিধ উদ্ভিদ হৰমন।

১০) প্ৰশ্ন : মেৰুদণ্ডী প্ৰাণীৰ মগজু কেইটা ভাগত বিভক্ত?

উত্তৰ : মেৰুদণ্ডী প্ৰাণীৰ মগজু প্ৰধানকৈ চাৰিটা ভাগত বিভক্ত। যেনে – গুৰু মস্তিষ্ক, লঘু মস্তিষ্ক, উষ্কীষক আৰু সুষুম্ন।

১১) প্ৰশ্ন : সংবেদী নাৰ্ভ কাক বোলে?


উত্তৰ : যি নিউৰণৰ শান্ত শাখা সমূহ জ্ঞানেন্দ্ৰিয়ত শেষ হয় তাকে সংবেদী নাৰ্ভ বোলা হয়।

১২) প্ৰশ্ন : ক্ৰেনিয়েল নাৰ্ভ কাক বোলে?

উত্তৰ : মেৰুদণ্ডী মস্তিষ্কৰ পৰা নিৰ্গত প্ৰান্তিক নাৰ্ভক।

১৩) প্ৰশ্ন : উদ্ভিদৰ নাৰ্ভ (স্নায়ু) তন্ত্ৰ আছেনে?

উত্তৰ : নাই।

১৪ )প্ৰশ্ন : গ্ৰাহকৰ পৰা উদ্দীপনা বহনকাৰী নাৰ্ভ (স্নায়ু) সমূহক কি বোলে?

উত্তৰ : সংবেদক।

১৫) প্ৰশ্ন : স্নায়ুৰ মাধ্যমেৰে প্ৰৱাহিত আবেগৰ গতি প্ৰতি ছেকেণ্ডত কিমান মিটাৰ?

উত্তৰ : ১২৫ মিটাৰ।

১৬) প্ৰশ্ন : যৌন আৰু অযৌন উভয় ক্ৰিয়াৰে প্ৰজনন ঘটোৱা এবিধ প্ৰাণীৰ নাম কোৱা?

উত্তৰ : হাইড্ৰা।

১৭) প্ৰশ্ন : সন্তান প্ৰসৱ কৰা প্ৰাণীক কি বোলে?

উত্তৰ : জৰায়ুজ।

১৮) প্ৰশ্ন : কণী পৰা প্ৰাণীক কি বোলে?

উত্তৰ : অণ্ডজ।

১৯) প্ৰশ্ন : উদ্ভিদৰ উচ্চতা মাপক যন্ত্ৰটোৰ নাম কি?

উত্তৰ : আৰ্কইণ্ডিকেটৰ।

২০) প্ৰশ্ন : বংশগতি কাক বোলে?

উত্তৰ : যি প্ৰক্ৰিয়াৰে মাক – দেউতাকৰ বৈশিষ্ট্য সতি – সন্তানতিলৈ সঞ্চালিত হয় তাকে বংশগতি বোলে।




• www.gkofassam.com




Share:

0 comments:

Post a Comment