Monday, 27 December 2021

Assam Police Gk Questions Answer in Assamese

ইয়াত বিভিন্ন ধৰণৰ সাধাৰণ জ্ঞানৰ প্ৰশ্ন আৰু উত্তৰ পাব। Daily Check This Website.



(১) 'ইয়াৰুইঙ্গম' গ্ৰন্থখনৰ লেখক কোন?*

উত্তৰ:- বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য।

(২) অসমৰ সাহিত্যৰথী কোন?

উত্তৰ:- লক্ষ্মীনাথ বেজবৰুৱা।

(৩) অসমৰ উপন্যাস সম্ৰাট কোন?

উত্তৰ:- ৰজনীকান্ত বৰদলৈ।

(৪) প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি?

উত্তৰ:- ধৰ্ম পুস্তক। লেখক আত্মাৰাম শৰ্মা। ১৮১৩ চন।

(৫) অসমৰ প্ৰথম শিশু আলোচনীখনৰ নাম কি?

উত্তৰ:- ল'ৰা বন্ধু । সম্পাদক কৰুণাভিৰাম বৰুৱা।


(৬) অসমৰ প্ৰথম ইংৰাজী দৈনিক বাতৰি কাকতখনৰ নাম কি?

উত্তৰ:- আছাম ট্ৰিবিউন। সম্পাদক লক্ষ্মীনাথ ফুকন।

(৭) অসমত প্ৰথম বিশ্ববিদ্যালয় কেতিয়া স্থাপিত হয়?

উত্তৰ:- ১৯৪৮ চনত।

(৮) অসমৰ প্ৰথম বিশ্ববিদ্যালয়খনৰ নাম কি?

উত্তৰ:- গুৱাহাটী বিশ্ববিদ্যালয়।

(৯) গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কোন আছিল?*

উত্তৰ:- কৃষ্ণকান্ত সন্দিকৈ।

(১০) অসমৰ প্ৰথম দৈনিক বাতৰি কাকতখনৰ নাম কি?*

উত্তৰ:- দৈনিক বাতৰি।

(১১) প্ৰথম অসমীয়া সংবাদ পত্ৰখনৰ নাম কি?

উত্তৰ:- অৰুণোদয়। সম্পাদক ড° নাথান ব্ৰাউন।

(১২) সংস্কৃতৰ পৰা অসমীয়ালৈ অনূদিত হোৱা প্ৰথম নাটখনৰ নাম কি?

উত্তৰ:- শকুন্তলা।

(১৩) অসম সাহিত্য সভাৰ প্ৰথম অধিবেশন কেতিয়া অনুষ্ঠিত হৈছিল?

উত্তৰ:- ১৯১৭ চনত।

(১৪) অসম সাহিত্য সভাৰ প্ৰথম অধিবেশন ক'ত অনুষ্ঠিত হৈছিল?

উত্তৰ:- শিৱসাগৰত।

(১৫) আধুনিক যুগৰ প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি?

উত্তৰ:- ভানুমতী। ঔপন্যাসিক পদ্মনাথ গোহাঞিবৰুৱা।


(১৬) বিহগী কবি কোন?

উত্তৰ:- ৰঘুনাথ চৌধাৰী।

(১৭) অসমীয়া ভাষাৰ উদ্ভৱকাল কিমান?

উত্তৰ:- দশম শতিকা।

(১৮) প্ৰথম অসমীয়া চনেট কবি কোন?

উত্তৰ:- হেমচন্দ্ৰ গোস্বামী।

(১৯) প্ৰথম অসমীয়া চনেট কবিতাটোৰ নাম কি?

উত্তৰ:- প্ৰিয়তমাৰ চিঠি।

(২০) প্ৰথম অসমীয়া চনেট পুথিখনৰ নাম কি?

উত্তৰ:- মালচ। কবি হিতেশ্বৰ বৰবৰুৱা।

(২১) অসমীয়া ভাষাৰ প্ৰথম কবিতা পুথিখনৰ নাম কি?

উত্তৰ:- প্ৰহ্লাদ চৰিত।

(২২) 'প্ৰহ্লাদ চৰিত' কোনে ৰচনা কৰিছিল?*

উত্তৰ:- হেম সৰস্বতীয়ে।

(২৩) অসমীয়া ভাষাৰ প্ৰথম ব্যাকৰণ ৰচোঁতা কোন?

উত্তৰ:- উইলিয়াম ৰবিন্সন। ১৮৩৯ চন।

(২৪) অসমত স্থাপিত প্ৰথম কলেজখনৰ নাম কি?

উত্তৰ:- কটন কলেজ। প্ৰতিষ্ঠাপক হেনৰী কটন।

(২৫) আৱাহন কাকতৰ প্ৰথম সম্পাদক কোন 
আছিল?

উত্তৰ:- দীননাথ শৰ্মা।

(২৬) অসমীয়া ভাষা উন্নতি সাধিনী (অ. ভা. উ. সা.) সভা কেতিয়া অনুষ্ঠিত হৈছিল?

উত্তৰ:- ১৮৮৮ চনৰ ২৫ আগষ্ট, কলিকতাত।

(২৭) জোনাকী কাকতৰ প্ৰথম সম্পাদক কোন আছিল?

উত্তৰ:- চন্দ্ৰকুমাৰ আগৰৱালা।

(২৮) বাঁহী আলোচনীৰ প্ৰথম সম্পাদক কোন আছিল?

উত্তৰ:- লক্ষ্মীনাথ বেজবৰুৱা।


(২৯) অসম সাহিত্য সভাৰ প্ৰথম গৰাকী সম্পাদক কোন আছিল?

উত্তৰ:- শৰৎ চন্দ্ৰ গোস্বামী।

(৩০) 'চিৰ চেনেহী মোৰ ভাষা জননী' এই গীতটো কোনে ৰচনা কৰিছিল?

উত্তৰ:- সাহিত্যাচাৰ্য মিত্ৰদেৱ মহন্ত‌ই।

(৩১) অসম সাহিত্য সভাৰ প্ৰতীকটো কোনে আঁকিছিল?*

উত্তৰ:- যুগল দাসে।

(৩২) ৰাষ্ট্ৰপতিৰ পদ্মশ্ৰী উপাধি পোৱা প্ৰথম অসমীয়া মহিলা গৰাকী কোন?

উত্তৰ:- নলিনীবালা দেৱী।

(৩৩) অসমীয়া নাট্য-সাহিত্যৰ জনক কোন?

উত্তৰ:- শংকৰদেৱ।

(৩৪) শংকৰদেৱে ৰচনা কৰা প্ৰথম নাটখনৰ নাম কি?

উত্তৰ:- চিহ্ন-যাত্ৰা।

(৩৫) প্ৰথম অসমীয়া চুটিগল্পটোৰ নাম কি?

উত্তৰ:- সেউতী।

(৩৬) সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথম অসমীয়া গল্প সংকলনখনৰ নাম কি?

উত্তৰ:- গোলাম। গল্পকাৰ সৌৰভ কুমাৰ চলিহা।

(৩৭) অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি কোন আছিল?

উত্তৰ:- নলিনীবালা দেৱী।

(৩৮) দেৱকান্ত বৰুৱাৰ একমাত্ৰ কবিতা পুথিখনৰ নাম কি?

উত্তৰ:- সাগৰ দেখিছা।

(৩৯) জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা পুথিখনৰ নাম কি?

উত্তৰ:- লুইতৰ পাৰৰ অগ্নিসুৰ।

(৪০) অসমীয়া ব্যাস কোন?

উত্তৰ:- ৰাম সৰস্বতী।

(৪১) অসম সাহিত্য সভাৰ বৰ্তমানৰ সভাপতিজন কোন?

উত্তৰ:- কুলধৰ শ‌ইকীয়া।

(৪২) জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া কোন?

উত্তৰ:- বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য।

(৪৩) সৰস্বতী সন্মান লাভ কৰা প্ৰথম অসমীয়া সাহিত্যিক কোন?

উত্তৰ:- লক্ষ্মীনন্দন বৰা।

(৪৪) ব্ৰহ্মপুত্ৰ নদী কিমান দীঘল?

উত্তৰ:- ২৮৮০ কিলোমিটাৰ।

(৪৫) ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত প্ৰথম দলংখনৰ নাম কি?


উত্তৰ:- শৰাইঘাট দলং।

(৪৬) ৰে'ল আৰু মটৰ গাড়ী একেলগে যাব পৰা ভাৰতৰ প্ৰথম দলংখনৰ নাম কি?

উত্তৰ:- শৰাইঘাট দলং।

(৪৭) শৰাইঘাট দলংখনৰ দৈৰ্ঘ্য কিমান?

উত্তৰ:- ১২৯৫ মিটাৰ (১.২৯ কিলোমিটাৰ)।

(৪৮) শৰাইঘাট দলংখনৰ নিৰ্মাণ কাৰ্য কেতিয়া আৰম্ভ হৈছিল?

উত্তৰ:- ১৯৬০ চনৰ ১০ জানুৱাৰীত।

(৪৯) কেতিয়া শৰাইঘাট দলংখনৰ ৰে'ল পথটো মুকলি কৰা হয়?

উত্তৰ:- ১৯৬২ চনৰ অক্টোবৰ মাহত।

(৫০) নৰনাৰায়ণ সেতুৰ দৈৰ্ঘ্য কিমান?

উত্তৰ:- ২.৩ কিলোমিটাৰ





Share:

0 comments:

Post a Comment