DHS Exam Gk questions Answer ,
ইয়াত বিভিন্ন ধৰণৰ পৰীক্ষাৰ প্ৰশ্ন আৰু উত্তৰ পাব। Daily Checke
১) প্ৰশ্ন : প্ৰজনন বিদ্যা কাক বোলে?
উত্তৰ : যি বিজ্ঞান অধ্যয়ন কৰিলে বংশগতি সম্পৰ্কে জানিব পাৰি তাকে প্ৰজনন বিদ্যা বোলে।
২) প্ৰশ্ন : প্ৰজনন বিদ্যাৰ জনক কোন?
উত্তৰ : গ্ৰেগক জোহান মেণ্ডেল।
৩) প্ৰশ্ন : কি উদ্ভিদৰ ওপৰত মেণ্ডেলে বংশগতিৰ ওপৰত পৰীক্ষা চলাইছিল?
উত্তৰ : মটৰ মাহৰ ওপৰত।
৪) প্ৰশ্ন : কোষ বিভাজন কাক বোলে?
উত্তৰ : এটা সজীৱ কোষ বিভক্ত হৈ দুটা সজীৱ কোষত পৰিণত হোৱাকে কোষ বিভাজন বোলে।
৫) প্ৰশ্ন : কোষ বিভাজনৰ উদ্দেশ্য কি?
উত্তৰ : বৃদ্ধি, জনন বৃদ্ধি সংখ্যা, প্ৰজাতিৰ বৈশিষ্ট্য ৰক্ষা কৰা আদি জীৱনৰ অতি প্ৰয়োজনীয় কামবোৰ সম্পন্ন কৰাই কোষ বিভাজনৰ প্ৰধান উদ্দেশ্য।
৬) প্ৰশ্ন : কেনে ধৰণৰ কোষ বিভাজনত কোষৰ ক্ৰমোজমৰ সংখ্যা অপৰিৱৰ্তিত থাকে?
উত্তৰ : মাইটোচিচ্ পদ্ধতিত।
৭) প্ৰশ্ন : সজীৱ দেহৰ কোন অংশত মায়োচিচ্ কোষ বিভাজন সংঘটিত হয়?
উত্তৰ : মাথো জনন মাতৃকোষত।
৮) প্ৰশ্ন : অযৌন জননকাৰী আৰু যৌন জননকাৰী জীৱৰ মাজত কোনটোত মায়োচিচ একান্ত প্ৰয়োজন?
উত্তৰ : যৌন জননকাৰী জীৱৰ ক্ষেত্ৰত।
৯) প্ৰশ্ন : মানৱ দেহৰ ক্ৰমোজমৰ সংখ্যা কিমান?
উত্তৰ : ৪৬ ডাল।
১০) প্ৰশ্ন : এজন প্ৰাপ্তবয়স্ক মানুহৰ শৰীৰত হাড়ৰ সংখ্যা কিমান থাকে?
উত্তৰ : ২০৬ ডাল।
0 comments:
Post a Comment