Thursday, 21 May 2020

CTET- Assamese Language & Pedagogy : Paper 1 & 2 ভাষা আহৰণ আৰু শিকন | Language Acquisition and Learning





Language Acquisition & Learning


ভাষা আহৰণ(Language Acquisition)

ভাষা শিকন(Language Learning)







What is Language? ভাষা কি?

  • সাধাৰণতে মানুহৰ কথিত আৰু লিখিত শব্দকেই ভাষা বুলি কোৱা হয় যদিও বহল অৰ্থত কবলৈ গলে ভাষা হৈছে ভাব-অনুভূতিৰ এক প্ৰকাশ মাধ্যম
  • মানুহে মনৰ ভাৱ প্ৰকাশ কৰিবলৈ যিবিলাক ধ্বনি উচ্চাৰণ কৰে তাৰ সমষ্টিকে ভাষা বুলিব পাৰি।

সাধাৰণতে মানুহৰ কথিত আৰু লিখিত শব্দকেই ভাষা বুলি কোৱা হয় যদিও প্ৰকৃত অৰ্থত ভাষাৰ পৰিসৰ যথেষ্ট বহল। ব্যাপক অৰ্থত আমাৰ পাৰস্পৰিক আদান-প্ৰদান আৰু যোগাযোগ স্থাপনৰ বাবে প্ৰদৰ্শনৰ সহায় লোৱা সকলোবোৰ শাব্দিক আৰু শব্দবিহীন দৈহিক প্ৰতিক্ৰিয়া আৰু আচৰণকেই ভাষাৰ আখ্যা দিয়া হয়।






ভাষা আহৰণ (Language acquisition)


  • শিশু এজনে ভাষা এটা প্রাকৃতিকভাৱে কৈ যোৱা সময়ত ভাষাটোৰ ওপৰত যি অৰ্হতা সংগ্ৰহ কৰি গৈ থাকে তাকে ভাষা আহৰণ বোলা হয়।
  • Language Acquisition বা ভাষা আহৰণ এটা কব নোৱাৰাকৈ অবিৰতভাৱে অৱচেতন (Subconscious) ভাৱে চলি থকা প্রক্ৰিয়া যত শিকাৰুৱে ক নোৱাৰাকৈ ভাষাটো আয়ত্ত কৰে আৰু কথোপকথনৰ সময়ত তাক ব্যৱহাৰ কৰে।
  • আমি আহৰণ কৰা ভাষাটোৰ নিয়ম-নীতিখিনিও কব নোৱাৰাকৈয়ে সংগ্ৰহ কৰি যাও।
  • সেয়েহে আহৰণ বুলিলেআওপকীয়াকৈ শিকাঅনানুষ্ঠানিকভাৱে শিকা আৰু প্রাকৃতিক ভাবে শিকা বুলিও কব পাৰি।
  • উদাহৰণ - প্ৰথম ভাষা/মাতৃভাষা




ভাষা শিকন (Language Learning)
  • শিশু এজনে শ্ৰেণীকোঠাত শিকোৱা ভাষাৰ ক্ষেত্ৰত নিয়মাৱলী বা শুদ্ধ শব্দ ভাণ্ডাৰ আদিৰ সহায়ত ভষা এটাৰ ওপৰত যি অৰ্হতা সংগ্ৰহ কৰে তাকে ভাষা শিকন বোলা হয়।
  • Language Learning বা ভাষা শিকন বুলি কোৱাৰ লগে লগে ভাষাৰ নিয়মাৱলীসজাগতা আদি সজ্ঞানে গ্ৰহণ কৰা অৰ্হঁতাসমূহ সামৰি লয়।
  • সাধাৰণ অৰ্থত শিকন মানে ভাষাটো জনা বা জ্ঞান লাভ কৰা।
  • ভাষা শিকনক আনুস্থানিক ভাৱে শিকা ভাষা বুলিও কব পাৰি।





ভাষা-বিকাশ প্ৰভাৱিত কৰা দিশসমূহঃ

(1)    সংবেদন-সঞ্চালন ক্ৰিয়া
(2)    অনুকৰণ আৰু অনুশীলন
(3)    মুখ-গহ্বৰৰ অৱস্থা
(4)    পৰ্যায়ক্ৰমে মানসিক অভিজ্ঞতা
(5)    ভাষিক পৰিৱেশ
(6)    ভাষা আয়ত্বকৰণ
(7)    চিন্তন ক্ৰিয়া
(8)    আৱেগৰ প্ৰভাৱঃ
(9) প্ৰতীকৰ প্ৰয়োগঃ
(10) ক্ৰমবিকাশৰ প্ৰভাৱঃ



(১) সংবেদন-সঞ্চালন ক্ৰিয়াঃ

ভাষিক ক্ৰিয়াৰ লগত দেহৰ স্নায়ৱিক আৰু পেশীসমূহৰ ক্ৰিয়া জড়িত। পৰিৱেশত আমি আন ব্যক্তিৰ লগত ভাব-অনুভূতিৰ আদান-প্ৰদান কৰোতে ভাষাৰ যি প্ৰয়োগ কৰো তাত দেহ-যন্ত্ৰ সক্ৰিয়ভাৱে জড়িত হয়। আনলৈ চোৱা আৰু আনৰ কথা শুনাত দৰ্শনেন্দ্ৰিয় আৰু শ্ৰৱণেন্দ্ৰিয়ৰ সংবেদনাত্মক ক্ৰিয়া জড়িত হয়। সেইদৰে ইয়াৰ পৰৱৰ্তী ক্ৰিয়া পৰ্যায় স্বৰূপে মুখেৰে কোৱা আৰু হাতেৰে লিখা আৰু অংকন কৰা কাৰ্যত দেহৰ সংবেদী-চালক প্ৰতিক্ৰিয়া জড়িত হয়। মুখেৰে শব্দ উচ্চাৰণ কৰোতে জিভা, স্বৰনলী আৰু মুখগহ্বৰৰ বিভিন্ন অংশৰ ক্ৰিয়া সংঘটিত হয়। সেইদৰে লেখা আৰু অংকন কৰাৰ বেলিকাও হাতৰ নিয়ন্ত্ৰণ আৰু আঙুলিৰ উপযুক্ত পৰিচালনা কৰিব লাগে। ভাষা প্ৰয়োগৰ বাবে এনে সংবেদী-চালক ক্ৰিয়াৰ নিপুণতা অভ্যাসৰ যোগেদিহে সম্ভৱ হৈ উঠিব পাৰে। উল্লেখযোগ্য যে বাক্ অক্ষম লোকসকলে এনে সংবেদী-চালক ক্ৰিয়াৰ ক্ষেত্ৰত নিজৰ অক্ষমতা প্ৰকাশ কৰে। স্নায়ৱিক আৰু পেশী সঞ্চালন সম্বন্ধীয় দৈহিক ক্ৰিয়াৰ শিক্ষাই এই বাক্ অক্ষম লোকসকলৰ অৱস্থাৰ উন্নতি কৰিব পৰাটো এইক্ষেত্ৰত মন কৰিবলগীয়া।


(2) অনুকৰণ আৰু অনুশীলনঃ

ভাষা আয়ত্বকৰণৰ ক্ষেত্ৰত অনুকৰণ আৰু অনুশীলনৰ এক বিশেষ প্ৰভাৱ থাকে। শিশুৰ ভাষা আয়ত্বকৰণৰ বেলিকা এই প্ৰভাৱ স্পষ্টভাৱে পৰিলক্ষিত হয়। অনুকৰণপ্ৰিয় শিশুৱে ডাঙৰৰ পৰা কেৱল শব্দসমূহেই নহয়, তাৰ লগত সংশ্লিষ্ট বিশেষ স্বৰধ্বনিও অনুকৰণ কৰে। কম বয়সীয়া শিশুৱে ভাষাৰ শব্দ উচ্চাৰণৰ যি বিশেষ স্বৰধ্বনি তাক এই অনুকৰণৰ যোগেদিয়ে বয়সস্থসকলতকৈ অধিক কৃতকাৰ্যতাৰে আয়ত্ব কৰিব পাৰে। কেৱল অনুকৰণেই নহয়, তাক পৰৱৰ্তী কালত কৰা অনুশীলনৰ প্ৰবৃত্তিয়ে অভিজ্ঞতাক স্থায়ী ৰূপ দিব পাৰে। অনুকৰণ আৰু অনুশীলন প্ৰবৃত্তি প্ৰৱল হোৱা বাবে শৈশৱকাল ভাষা-শিক্ষাৰ অতি উপযুক্ত সময় বুলি বিবেচনা কৰা হয়।

(3) মুখ-গহ্বৰৰ অৱস্থাঃ

মৌখিক ভাষা প্ৰয়োগৰ ক্ষমতা মুখ-গহ্বৰত এক জটিল ক্ৰিয়া সম্পাদনৰ স্বৰূপ। এনে কাৰ্যত হাওঁফাওঁ, শ্বাসনলী, বাকযন্ত্ৰ আৰু ইয়াৰ লগত সংযুক্ত ঝিল্লী বা পাতল পৰ্দা, জিভা, দাঁত, ওঁঠ আৰু মুখ-গহ্বৰৰ আকাৰ-আকৃতি আদি জড়িত। এই বিভিন্ন অংশৰ সহযোগত যি বিশেষ স্বৰধ্বনি আমাৰ মুখত উচ্চাৰিত হয় তাকে কথিত বা মৌখিক ভাষা বুলি জনা যায়। এই শব্দ উচ্চাৰণ সম্বন্ধীয় যান্ত্ৰিক কৌশলৰ বিষয়ে পিছলৈ এই অধ্যায়ত সংক্ষেপে বৰ্ণনা কৰা হৈছে।

(4) পৰ্যায়ক্ৰমে মানসিক অভিজ্ঞতাঃ

শিশুৱে তথা যিকোনো লোকেই এটা ভাষা আয়ত্ব কৰণৰ বাবে পৰ্যায়ক্ৰমভাৱে কেতবোৰ মানসিক অৱস্থাৰ মাজেদি অগ্ৰসৰ হ’ব লাগে। এই পৰ্যায়কেইটা হৈছে-

(ক) আনে কি কয় বুজি পোৱা।

(খ) ব্যক্তিয়ে নিজৰ ব্যৱহাৰ্য কেতবোৰ শব্দ সংখ্যা বৃদ্ধি কৰি তোলা।

(গ) শব্দবোৰ উপযুক্ত আৰু শুদ্ধভাৱে উচ্চাৰণ কৰিবলৈ শিকা।

(ঘ) এইবোৰ শব্দ প্ৰয়োজন অনুসৰি গ্ৰহণযোগ্যভাৱে প্ৰয়োগ কৰিব পৰা আৰু

(ঙ) শব্দ প্ৰয়োগৰ যোগে বাক্য ৰচনা কৰা আৰু তাৰ অৰ্থ বুজি উঠিব পৰা।


(5) ভাষিক পৰিৱেশঃ

শিশুৰ ভাষা বিকাশৰ লগত ভাষিক এটা পৰিৱেশৰ ওচৰ সম্বন্ধ থাকে। এই পৰিৱেশ বহু পৰিমাণে সাংস্কৃতিক আৰু ব্যৱহাৰিক আচৰণৰ দ্বাৰা গঢ় লৈ উঠে। প্ৰতিটো ভাষা-গোষ্ঠী আৰু জনগোষ্ঠীৰ লোকৰে ব্যৱহাৰিক জীৱনৰ আচৰণৰ লগত স্বৰধ্বনি আৰু কথনভংগীৰ একোটা সম্বন্ধ থাকে। জনজাতীয় আৰু অ-জনজাতীয় লোকৰ মাজত স্বৰধ্বনি, কথনভংগী আদিৰ এনে পৃথক বৈশিষ্ট্য লক্ষ্য কৰিব পাৰি। সাংস্কৃতিক জীৱনৰ নীতি-নিয়ম, আচাৰ-ব্যৱহাৰ, আস্থা, নিষ্ঠা, বিশ্বাস আদিয়ে তেওঁলোকৰ ভাব-অনুভূতি, ভাষা আৰু তাৰ কথনভংগী এক বিশেষ ৰূপত গঢ় দি তোলে। ইয়াৰ ফলত কোনোটো ভাষাৰ স্বৰধ্বনি হয় কোমল আৰু কোনোটোৰ হয় কঠিন। সেয়েহে ক’ব পাৰি যে প্ৰতিটো শিশুৱেই এক বিশেষ ভাষিক পৰিৱেশৰ যোগেদি নিজ মাতৃভাষাৰ বৈশিষ্ট্যসমূহ আয়ত্ব কৰে।

(6) ভাষা আয়ত্বকৰণঃ

ভাষাই আমাৰ মনৰ ধাৰণা প্ৰকাশ আৰু বিকাশত সহায় কৰে। ইন্দ্ৰিয়ৰ যোগেদি আমাৰ চাৰিওফালৰ পৰিৱেশৰ পৰা যি প্ৰত্যক্ষ জ্ঞান আমি আহৰণ কৰো সি আমাৰ মনত স্মৃতি-অভিজ্ঞতাস্বৰূপে সঞ্চিত হয়। বিভিন্ন বস্তু, বিষয় আৰু পৰিস্থিতি আদি সম্বন্ধে আমাৰ মনত এইদৰে ক্ৰমান্বয়ে বৃদ্ধি হৈ উঠা অভিজ্ঞতাসমূহ বাস্তৱ ক্ষেত্ৰত প্ৰয়োজন অনুসৰি প্ৰয়োগ কৰিব লাগে। সেইবাবে মনৰ এই সঞ্চিত অভিজ্ঞতাপুঞ্জক সংক্ষেপকৰণ কৰি ভাষা প্ৰয়োগৰ যোগেদি তাৰ একোটা নাম অথবা চিহ্ন প্ৰদান কৰা হয়। ইয়াকে সংপ্ৰত্যয়ণ বা ধাৰণা বোলা হয়। সেয়েহে ক’ব পাৰি যে মনৰ সঞ্চিত জ্ঞান-অভিজ্ঞতাসমূহ কাৰ্যকৰীকৰণৰ বাবে ভাষা-জ্ঞানৰ প্ৰয়োজন। ছাত্ৰ-ছাত্ৰীয়ে শ্ৰেণীত যি জ্ঞান-অভিজ্ঞতা লাভ কৰে আৰু তাৰ পৰা মনত যি ধাৰণা গঢ়ি তোলে তাক ভাষাৰ যোগেদি প্ৰকাশ কৰিব পাৰে। ভাষা বিকাশ সেয়েহে শিশুৰ ধাৰণা বিকাশত সহায় কৰে।

(7) চিন্তন ক্ৰিয়াঃ

ভাষাৰ যোগেদি চিন্তা কৰিব পৰা হয়। ই হৈছে চিন্তাৰ এবিধ আহিলা বা উপকৰণস্বৰূপ। ভাষাক চিন্তাৰ ক্ৰম অনুসাৰে কেইটামান পৰ্যায় বা অৱস্থাত বিভক্ত কৰিব পাৰি। ভাষাৰ এই পৰ্যায়ে মনক মূৰ্ত অৱস্থাৰ পৰা ক্ৰমে এক বিমূৰ্ত অৱস্থালৈ লৈ যায়। চিন্তাৰ প্ৰাৰম্ভিক অথবা পূৰ্বৱৰ্তী অৱস্থা হৈছে প্ৰকটভাৱে কৰা দৈহিক আচৰণ। দ্বিতীয় পৰ্যায়ত ই মৌখিক শব্দ উচ্চাৰণ আৰু কথা কোৱাৰ অৱস্থা ধাৰণ কৰে। তৃতীয় পৰ্যায়ত এই কথা-বতৰা ক্ৰমে ফুচফুচনিত অথবা নিজেই নিজকে কোৱাৰ এটা অৱস্থাত পৰিণত হয়। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত নিৰৱে ওঁঠ লৰোৱা অৱস্থা আৰু ইয়াৰ শেষ পৰ্যায়ত এক বিমূৰ্ত চিন্তা বা ধ্যানত পৰিণত হয়। গতিকে দেখা যায় যে চিন্তাৰ প্ৰতিটো স্তৰতে মূৰ্ত অথবা বিমূৰ্ত অৱস্থাত ভাষাৰ প্ৰয়োজন হয়।

(8) আৱেগৰ প্ৰভাৱঃ

আৱেগৰ অতিমাত্ৰা অথবা ইয়াৰ অৱদমন কৰা কাৰ্যই ভাষাৰ প্ৰয়োগত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰে। আৱেগেৰে অন্তৰ ভৰি থাকিলে আমি কথা ক’ব বা লিখিব নোৱাৰো। ভাষাত প্ৰয়োগ কৰিব লগা সুস্থ চিন্তা, স্মৃতি, অন্তৰ্দৰ্শন ক্ৰিয়া আদি এনে অৱস্থাত বাধাপ্ৰাপ্ত হয়। ইয়াৰ উপৰি ভাষা এক মুক্ত আৰু স্বতঃস্ফূৰ্ত অৱস্থাতহে সহজে প্ৰকাশ কৰিব পাৰি। ভয়, দ্বিধা, সন্দেহ, সংকোচভাৱ, অন্তৰ্মুখিতা বন্ধমনা, আৱেগ ৰুদ্ধতা আদি অৱস্থাই ভাষা প্ৰয়োগৰ ক্ষেত্ৰত বাধা দান কৰে। এনে বাধাগ্ৰস্ত শিশু বা ব্যক্তিয়ে ভাষাৰ যোগেদি আত্মপ্ৰকাশ কৰিব নোৱাৰে। অপৰিচিত ব্যক্তি বা পৰিস্থিতিৰ সন্মুখীন হ’লে এনে শিশুৱে নিজৰ বাক্-অক্ষমতা প্ৰকাশ কৰাও দেখা যায়।

(9) প্ৰতীকৰ প্ৰয়োগঃ

ভাষা হৈছে মানুহৰ মনৰ ভাব-অনুভূতি, স্মৃতি-অভিজ্ঞতা আদিৰ প্ৰতীকীকৰণ ক্ৰিয়া। মনৰ অভিজ্ঞতাসমূহক প্ৰকৃত ৰূপত আমি আনৰ আগত হুবহু ডাঙি ধৰিব নোৱাৰো। ইয়াৰ বাবে এক মাধ্যম অৱলম্বন অথবা বাহন স্বৰূপে আখৰ আৰু শব্দৰ প্ৰয়োগ কৰিব লগা হয়। আমি যি ভাবো আৰু অনুভৱ কৰো তাক শব্দ আৰু আখৰৰ যোগে আনে বুজিব পৰাকৈ কওঁ আৰু লিপিবদ্ধ কৰো। এই আখৰ, শব্দ বা বাক্যসমূহ সেয়েহে আমাৰ মনৰ অনুভূতি আৰু অভিজ্ঞতাবোৰৰ একো একোটা চিন বা প্ৰতীকৰ বাহিৰে আন একো নহয়। এই প্ৰতীক প্ৰয়োগৰ পৰিসৰ যিমানে বহল আৰু ব্যাপক হয় আমাৰ ভাষাও সিমানেই চহকী হয়। অংক শাস্ত্ৰত প্ৰয়োগ কৰা প্ৰতীকসমূহৰ যোগেদি বৰ্তমান বিজ্ঞান আৰু কাৰিকৰী জ্ঞান অভিজ্ঞতাসমূহে বিকাশ লাভ কৰাটো মন কৰিবলগীয়া।

(10) ক্ৰমবিকাশৰ প্ৰভাৱঃ

মানুহৰ ক্ৰমবিকাশৰ লগে লগে ভাষা প্ৰয়োগৰ ক্ষেত্ৰত থকা কঠিনতা আমাৰ বাবে ক্ৰমে হ্ৰাস পাই আহিবলৈ ধৰে। মন কৰিবলগীয়া যে প্ৰাচীন কালত মানুহৰ অনুভূতি আৰু জ্ঞান-অভিজ্ঞতা আদিৰ সংৰক্ষণ আৰু আদান-প্ৰদানৰ বেলিকা ভাষাৰ ক্ষেত্ৰত যথেষ্ট কঠিনতাৰ সন্মুখীন হ’ব লগা হৈছিল। স্বৰধ্বনি আৰু শব্দসংখ্যাৰ সীমাবদ্ধতা, বিভিন্ন ভাষা আৰু জনগোষ্ঠীৰ লোকৰ মাজত পাৰস্পৰিকতাৰ অভাৱ, লিখন আৰু মুদ্ৰণ ব্যৱস্থাৰ অভাৱ আদিয়ে দেখা দিছিল। এনেবোৰ কাৰণে মানুহৰ মাজত ভাষাৰ অভিজ্ঞতা আৰু তাৰ প্ৰয়োগ যথেষ্ট সীমাবদ্ধ কৰি ৰাখিছিল। কিন্তু বৰ্তমানৰ এটি শিশুৱে তাৰ পৰিৱৰ্তে সহজলভ্য এক পূৰ্বপ্ৰস্তুত ভাষাৰ লগত পৰিচিত হোৱাৰ সুবিধা পায়। ফলস্বৰূপে প্ৰাচীন কালৰ তুলনাত আধুনিক ভাষাই শিশুক আত্মপ্ৰকাশৰ অধিক সুবিধা দান কৰে।
Share:

0 comments:

Post a Comment