Showing posts with label Assam TET. Show all posts
Showing posts with label Assam TET. Show all posts

Sunday, 24 October 2021

শিকন বাধাগ্রস্ততাৰ প্রকাৰ | Types of Learning Disorder

 শিকন বাধাগ্রস্ততাৰ প্রকাৰ | Types of Learning Disorder 

পঠনৰ বিশৃংখলতা(Dyslexia)

লিখনৰ বিশৃংখলতা(Dysgraphia)
গাণিতিক শিকনৰ বিশৃংখলতা(Dyscalculia)
কথা কোৱাৰ বিশৃংখলতা (Disorder of spoken language)

শ্রৱণৰ বিশৃংখলতা (Disorder of listening)






    পঠনৰ বিশৃংখলতা(Dyslexia): 

    পঠন বিশৃংখলতা থকা ছাত্রই পাঠ এটা পঢ়াৰ কৌশল আয়ত্ত কৰিব নোৱাৰে৷ সহজ শব্দ, বাক্য গাঁথনি পঢ়িলে অসুবিধা পায়৷ শব্দবোৰ উচচাৰণ কৰোঁতে অনাৱশ্যকভাৱে পুনৰাবৃত্তি কৰে৷ শব্দ উচচাৰণ আৰু বাক্য সজাই-পৰাই পঢ়াৰ ক্ষেত্রত অপাৰগ হয়৷ এইক্ষেত্রত শিক্ষকে সহজে ধৰিব পাৰে যে পঠন বাধাগ্রস্ত শিশুয়ে স্থিৰ দৃষ্টিৰে চাব নোৱৰাৰ ফলত নিৰ্দিষ্ট আখৰ, শব্দগাঁথনি আদি আয়ত্ত কৰিব নোৱাৰে৷ ফলত পাঠৰ বিষয়বস্তু দূৰৰে কথা, কি কি আখৰ, শব্দ আৰু কেনে ধৰণৰ বাক্য ব্যৱহাৰ কৰি পাঠবোৰ উপস্থাপন কৰা হৈছে সেইটো বুজি পোৱাত পঠন বাধাগ্রস্ত ছাত্র বিফল হয়৷

    Types of Learning Disorder


    লিখনৰ বিশৃংখলতা(Dysgraphia): 

    এনে অক্ষমতা থকা শিক্ষাৰ্থীয়ে কোনো এটা পাঠৰ আধাৰত লিখাৰ সমস্যাত ভোগে৷ সঠিকভাৱে শব্দ, বাক্য আৰু বাক্যাংশৰ ক্রম অনুসৰি লিখোঁতে প্রায়েই লিখন বিশৃংখলতাত ভোগা ছাত্রই বিফল হয়৷ শাৰী শাৰীকৈ লিখা আখৰৰ আকাৰ, সমানুপাতিকভাৱে লিখা, লিখোতে পৰিষ্কাৰকৈ আৰু শুদ্ধ ৰূপত উপস্থাপন কৰা ইত্যাদি প্রক্রিয়াই নির্ণয় কৰে এনেধৰণৰ অক্ষমতা থকা ছাত্রৰ অসুবিধাসমূহ৷

    গাণিতিক শিকনৰ বিশৃংখলতা(Dyscalculia): 

    শ্রেণীকোঠাৰ বাহিৰে-ভিতৰে প্রায় চৰ্চা কৰা দেখা যায় যে একাংশ শিক্ষাৰ্থীয়ে গণিত বিষয়ৰ প্রতি আগ্রহী নহয়৷ সংখ্যা, প্রতীক আৰু সেইবোৰৰ মাজত থকা সম্পৰ্ক নুবুজা ছাত্রৰ বাবে গণিত এটা দুবোৰ্ধ্য বিষয়৷ পৰিপাটীকৈ সংখ্যা বা প্রতীক লিখা গাণিতিক অৰ্থ বুজি পোৱা আৰু গণিতৰ বিষয়বস্তু আয়ত্ত কৰিব নোৱাৰা শিক্ষাৰ্থীক গাণিতিক শিকন বাধাগ্রস্ত বোলা হয়৷

    কথা কোৱাৰ বিশৃংখলতা (Disorder of spoken language): 

    বহু সময়ত দেখা যায় যে মনৰ ভাব আদান-প্রদানৰ সময়ত একাংশ ছাত্র-ছাত্রী উজুটি খায়৷ যেনে সৰল বাক্য গঠন কৰিব নোৱাৰা, কওঁতে শব্দৰ অশুদ্ধ ব্যৱহাৰ, বাক্যৰ সময় আৰু বিশেষণীয় শব্দৰ ব্যৱহাৰ, লিংগৰ প্রয়োগ অশুদ্ধ ৰূপত দেখা যায়৷ লগতে অপ্রয়োজনীয়ভাৱে শব্দৰ ব্যৱহাৰ কৰা অতিৰিক্ত শব্দৰ প্রয়োগ, খণ্ডিত ৰূপত ভাব প্রকাশ কৰা, গুৰুত্বহীনভাৱে মনৰ ভাব প্রকাশ কৰা, স্পষ্ট ৰূপত মনৰ ভাব প্রকাশ কৰিব নোৱৰা ইত্যাদি৷

    শ্রৱণৰ বিশৃংখলতা(Disorder of listening): 

    শ্রৱণ এটা যৌগিক প্রক্রিয়া৷ ইয়াত জড়িত হৈ থাকে শব্দ আৰু শব্দৰ বিচিত্রতাৰ সৈতে মনোযোগ, শব্দৰ স্থিতি আৰু উৎসৰ ভাব প্রকাশৰ বাবে জনোৱা সঁহাৰি ইত্যাদি৷ স্বাভাৱিকতে শিকন প্রক্রিয়াৰ বাবে মনোযোগ শব্দৰ বিবিধতা আৰু স্মৃতি অত্যাৱশ্যকীয়৷ মনত ৰখা পদ্ধতি ব্যক্তিভেদে সুকীয়া সুকীয়া৷ তথাপি স্বাভাৱিকতে আমি স্মৃতিৰ ভঁৰালৰ পৰা আহৰণ কৰা ধবনি, শব্দ আৰু অৰ্থৱহ মনোভাব প্রকাশৰ মাধ্যমেৰে শ্রৱণ প্রক্রিয়াত অৱতীর্ণ হওঁ৷ আগতে শুনা গীতৰ কলি এটা আমি যি স্থানতে নুশুনো কিয় সেইটো কাৰ আৰু কোনে গাইছে ক’ব পাৰোঁ৷কিন্তু একাংশ শিক্ষাৰ্থীয়ে অমনোযোগিতা আৰু অহৰহ কল্পনাৰ ৰাজ্যত বিচৰণ কৰি বাস্তৱৰ সৈতে স্মৃতিৰ ভঁৰালত যোগাযোগ বিচিছন্ন কৰি দিয়ে৷ ফলত এনে শিক্ষাৰ্থীৰ কাৰণে শ্রৱণ প্রক্রিয়াটো এটা বিশৃংখল আৰু অনাগ্রহী প্রক্রিয়ালৈ ৰূপান্তৰ হয়৷

    Share:

    Thursday, 26 August 2021

    Assam TET Online Mock Test 1- Mock Test 1

    Assam TET Online Mock Test 1

    Daily Assam TET Online Test share here for Assam TET 2021, candidate will find here the Upcoming Assam TET LP Question paper & Assam TET 2012 UP level Question Papers. Daily Assam TET 2021 Online Mock Test which will help the candidate for better preparation.

    Share: