Thursday, 3 October 2019

Assam TET 2019 EVS Note-Health & Disease স্বাস্থ্য আৰু ৰোগ

Assam TET 2019 EVS Note


স্বাস্থ্য আৰু ৰোগ

  • ৰোগ অৰ্থাৎ Disease  হৈছে এক বিশেষ ধৰণৰ অস্বাভাৱিক অৱস্থা, কোনো গঠন বা ক্ৰিয়াৰ বিসংগতি, যিয়ে কোনো জীৱৰ কোনো এটা অংশ অথবা সমগ্ৰ জীৱটোক প্ৰভাৱ পেলায়। ৰোগ সম্পৰ্কীয় অধ্যয়নক ৰোগবিজ্ঞান বোলে।
এই ৰোগ আকৌ দুই প্ৰকাৰৰ আছে সেয়া হৈছে

  •  সংক্ৰামক বা সোঁচৰা ৰোগ আৰু 
  • অসংক্ৰামক বা অসোঁচৰা ৰোগ।


সংক্ৰামক বা সোঁচৰা ৰোগ
সংক্ৰামক ৰোগৰ বীজাণু বা অণুজীৱ মানুহৰ শৰীৰত প্ৰৱেশ কৰিলে ৰোগৰ সৃষ্টি হয়। এনে ৰোগৰ বীজাণু এজনৰপৰা আনজনলৈ যায়। ৰোগীক চোৱা-চিতা কৰিলে আনৰ গালৈ বীজাণু যাব পাৰে অথবা বীজাণু থকা কাপোৰ-কানি, বাচন-বৰ্তন, বিচনা-পত্ৰৰপৰা আনৰ গালৈ বীজাণু যায়। কিছুমান সোঁচৰা ৰোগ আকৌ পোনে পোনে এজনৰ শৰীৰৰপৰা আন এজনৰ শৰীৰলৈ যাব নোৱাৰে। ইয়াৰ বাবে বাহকৰ প্ৰয়োজন হয়। মেলেৰিয়া এজনৰপৰা আন এজনৰ শৰীৰলৈ মাইকী এন’ফিলিছ মহৰ জৰিয়তেহে যাব পাৰে।

বিভিন্ন সংক্ৰামক ৰোগ বোৰ হৈছে যেনে :

  • ভাইৰাছজনিত ৰোগ


ৰোগৰ নাম বীজাণুৰ নাম ৰোগ বিস্তাৰৰ মাধ্যম

  • বসন্ত (মাজু আই) ভেৰিছে’লা-জ’ষ্টাৰ ভাইৰাছ প্ৰতিপাল বা চোৱা-চিতা কৰিলে এজনৰপৰা আনজনৰ গালৈ যায়। ৰোগীৰ কাপোৰ-কানি, বিচনা-পত্ৰ আৰু বাচন-বৰ্তন চুলেও যায়।
  • পলিঅ’মায়েলিটিছ
  • এণ্টেৰ’ভাইৰাছ
  • ভাইৰাছযুক্ত খাদ্য, পানী আদি শৌচৰ লগত বিস্তাৰিত হয়।
  • জলাতংক ৰেবিজ ভাইৰাছ বলিয়া কুকুৰ, শিয়াল আদি জন্তুয়ে কামুৰিলে এই ৰোগ হয়।

বেক্টেৰিয়াজনিত ৰোগ

  • কলেৰা ভিব্ৰিও ক’লেৰি বীজাণুযুক্ত খাদ্য আৰু পানী। মাখি এই ৰোগৰ প্ৰধান বাহক।
  • যক্ষ্মা মাইক’বেক্টেৰিয়াম টিউবাৰকুল’ছিছ বায়ুৰদ্বাৰা বিস্তাৰিত হয়। ৰোগীৰ সংস্পৰ্শলৈ আহিলে ৰোগ হয়।
  • টাইফয়ড ছালম’নেলা টাইফি জীৱাণুযুক্ত খাদ্য, পানী বা গাখীৰৰ লগত দেহত সোমায়।
প্ৰট’য’ৱাজনিত ৰোগ

  • মেলেৰিয়া প্লাজম’ডিয়াম স্ত্ৰী এন’ফিলিছ মহে এজন ৰোগীক কামুৰি নিৰোগী মানুহৰ তেজ খাওঁতে এই ৰোগ বিয়পে
  • এমিবিক গ্ৰহণী এণ্টামিবা হিষ্ট’লাইটিকা পানী, কেঁচা শাক-পাচলি, ফলমূল আদিৰ জৰিয়তে এজন ৰোগীৰ শৌচৰ লগত পুঢীবোৰ আন এজনৰ পেটলৈ যায়।

কৃমিজাত ৰোগ


  • ফিটাকৃমি টিনিয়া ছ’লিয়াম মানুহৰ শৌচৰপৰা কণী গাহৰিৰ শৰীৰত প্ৰৱেশ কৰে। ভালকৈ নিসিজা গাহৰীৰ মাংস খালে গাহৰিৰ পেটত থকা থলীপোক পুনৰ মানুহৰ পেটত সোমায়।
  • ঘূৰণীয়া কৃমি এছকাৰিক লুম্ব্ৰিকয়ডছ পানী, কেঁচা শাক-পাচলি, ফলমূলৰ জৰিয়তে কণী মানুহৰ পেটত সোমায়।

ভেঁকুৰজনিত ৰোগ


  • খৰ মাইক্ৰ’স্পবাম, ট্ৰাইকফাইটন আৰু এপিডাৰ্মোফাইটন। বায়ুৰদ্বাৰা বিস্তাৰিত হয়। আক্ৰান্ত লোক, জীৱ-জন্তুৰ সংস্পৰ্শত আহিলেও হয়।

অসংক্ৰাম্যতাৰ অভাৱ

  • শৰীৰত অসংক্ৰাম্য অৱস্থা কমি গ’লে নানা প্ৰকাৰৰ বীজাণুৱে আক্ৰমণ কৰিব পাৰে। অপুষ্টি, বিপাকীয় কাৰ্য্যত ঘটা অস্বাভাৱিকতা, এক্স-ৰে ৰশ্মিৰ প্ৰভাৱ, দৰৱৰ বিষক্ৰিয়া আৰু কিছুমান বীজাণুৰ আক্ৰমণৰ ফলত শৰীৰৰ অসংক্ৰাম্যতা লোপ পাব পাৰে। এনেদৰে অসংক্ৰাম্যতা লোপ পোৱাক আৰ্জিত বা লব্ধ অসংক্ৰাম্যতাৰ অভাৱ বোলা হয়।


অপুষ্টিজনিত ৰোগ :

  •  কোৱাশ্বিঅ’ৰ্কৰঃ মাকৰ গাখীৰৰ সলনি বেছি পৰিমাণৰ কাৰ্বহাইড্ৰেট খুওৱাৰ ফলত এই ৰোগ হয়। এই ৰোগত শিশুৰ ভৰি ফুলে, ছাল আৰু চুলি শেতা হৈ যায় আৰু হজমী শক্তি কমে। মগজুৰ বিকাশ আৰু মানসিক বিকাশ বাধাগ্ৰস্ত হয়। শিশু খিংখিঙীয়া স্বভাৱৰ হয়।

 মেৰাছমাছঃ 

এবছৰৰ তলৰ শিশুৱে মাকৰ গাখীৰৰ সলনি কম পুষ্টিকৰ খাদ্য খাবলগীয়া হ’লে এই ৰোগত ভোগে। প্ৰ’টিন-কেল’ৰিৰ অভাৱতে এই ৰোগ হয়। এই ৰোগত মাংসপেশী শুকাই যায়, হাত-ভৰি চিঞা পৰে আৰু বুকুৰ হাঁড় ওলায়।
Share: