Showing posts with label Assam TET Preparation 2019. Show all posts
Showing posts with label Assam TET Preparation 2019. Show all posts

Thursday, 24 October 2019

Assam UP TET 2019-বিষয়: শিশু বিকাশ (Child Development)

Assam UP TET-বিষয়: শিশু বিকাশ ( Child Development)


1. এজন ভাল শিক্ষক কেনে হোৱা উচিত

ক) অনৰগল বক্তৃতা দিব পৰা
খ) বহু বিষয়ত জ্ঞান থকা
গ) নিজৰ পঢ়িব লগা বিষয়ত ব্যুত্পত্তি থকা
ঘ) সকলো বিষয়ত ব্যুত্পত্তি থকা

2.  শিক্ষক দিৱস পালন কৰাৰ উদ্দেশ্য কি ?

a) মহান শিক্ষকসকলক স্মৰণ কৰা
b) ড° ৰাধাকৃষ্ণনলৈ শ্ৰদ্ধাঞ্জলি জনোৱা
c) শিক্ষক সমাজৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা
d) শিক্ষক ছাত্ৰৰ সম্পৰ্ক ৰক্ষা কৰা


3. সামগ্ৰিক ভাৱে শিশুৰ বিকাশৰ বাবে তলৰ কোনটো প্ৰয়োজনীয়?

ক) আবেগ অনুভূতি আৰু চিন্তা বিকাশ।
খ) শাৰীৰিক বৃদ্ধি আৰু বিকাশ
গ) সামাজিক সম্পৰ্ক আৰু জ্ঞানৰ বিকাশ
ঘ) ওপৰৰ আটাইকেইটা

4.  অভ্যাস বুলি কলে কি বুজাই?

ক) ই এটা স্বয়ং চালিত প্ৰক্ৰিয়া
খ) কোনো কামৰ পুনৰাবৃত্তি কৰা
গ)ওপৰৰ দুয়োটা
ঘ) ওপৰৰ এটাও নহয়


5. শিশুৰ বিকাশৰ ক্ষেত্ৰত বিদ্যালয় এ কৰিব লগা মুখ্য কাম

ক) শিশুটিৰ জ্ঞান প্ৰাপ্তি নিশ্চিত কৰা
খ) শিশুটিৰ সামগ্ৰিক প্ৰতিভা প্ৰাপ্তিৰ সুযোগ দিয়া
গ) দেশ বা জাতিৰ বাবে প্ৰয়োজনীয় দক্ষতা প্ৰাপ্তিৰ ব্যৱস্থা কৰা
ঘ) এটা নিৰোগী শিশু হবলৈ শিক্ষা দিয়া

6. শ্ৰেণীকোঠাত এজন শিক্ষক ৰ প্ৰয়োজন হয়

ক) টেবুল
খ) ব্লেক বৰ্ড
গ) চকী
ঘ ) নিৰ্দেশক মাৰি

7. ছাত্ৰ ছাত্ৰীৰ ব্যক্তিত্বৰ পাৰ্থক্য দেখা পোৱাৰ কাৰণ হৈছে-

ক) বংশগতিৰ কাৰণত
খ) বিভিন্ন পৰিয়ালৰ নিজা নিজা পৰিবেশ ৰ বাবে
গ) ওপৰৰ দুয়োটা
ঘ) মাত্ৰ প্ৰথম কাৰণটো

8. শিক্ষাই এটা শিশুৰ কোনটো ক্ষেত্ৰৰ বিকাশত সহায় কৰে

ক) অনুভূতিক বুদ্ধিমত্তা
খ) সামাজিক বুদ্ধিমত্তা
গ) জীৱিকা সম্পৰ্কীয় দক্ষতা
ঘ) ওপৰৰ আটাইকেইটা

9. ছাত্ৰ ছাত্ৰীৰ নৈতিক জ্ঞানৰ বিকাশ ঘটোৱাতো অতি প্ৰয়োজনীয় কাম। ইয়াৰ বিকাশ কৰিবলৈ তুমি কি কৰিবা?

ক) নৈতিক জ্ঞান সম্বন্ধীয় কিতাপ পত্ৰ পঢ়িবলৈ উৎসাহিত কৰিম
খ) এই সন্দৰ্ভত বক্তৃতা ৰ ব্যৱস্থা কৰিম
গ) নৈতিক জ্ঞান সন্নিবিষ্ট কাহিনীৰ অৱতাৰণা কৰিম
ঘ) নিজকে নৈতিকতাৰ এক আৰ্হি ৰূপে প্ৰদৰ্শন কৰিম


10. তুমি যদি এজন ছাত্ৰক লৈ অসন্তুষ্ট তেন্তে ছাত্ৰজনৰ উত্তৰ বহী পৰীক্ষা কৰোঁতে কি কৰিব?

ক) ছাত্ৰজনৰ দক্ষতা অনুযায়ী নম্বৰ দিয়া হব
খ) ছাত্ৰজনক শাস্তি দিবলৈ বুলি কম নম্বৰ দিয়া হব
গ) অন্য শিক্ষকো ছাত্ৰজনক কম নম্বৰ দিবলৈ কোৱা হব
ঘ) কোনো উদ্দেশ্যেহীন ভাবে ছাত্ৰজনক মুল্যাংক কৰা হব


Share:

Tuesday, 15 October 2019

Thursday, 3 October 2019

Assam TET 2019 EVS Note-Health & Disease স্বাস্থ্য আৰু ৰোগ

Assam TET 2019 EVS Note


স্বাস্থ্য আৰু ৰোগ

  • ৰোগ অৰ্থাৎ Disease  হৈছে এক বিশেষ ধৰণৰ অস্বাভাৱিক অৱস্থা, কোনো গঠন বা ক্ৰিয়াৰ বিসংগতি, যিয়ে কোনো জীৱৰ কোনো এটা অংশ অথবা সমগ্ৰ জীৱটোক প্ৰভাৱ পেলায়। ৰোগ সম্পৰ্কীয় অধ্যয়নক ৰোগবিজ্ঞান বোলে।
এই ৰোগ আকৌ দুই প্ৰকাৰৰ আছে সেয়া হৈছে

  •  সংক্ৰামক বা সোঁচৰা ৰোগ আৰু 
  • অসংক্ৰামক বা অসোঁচৰা ৰোগ।


সংক্ৰামক বা সোঁচৰা ৰোগ
সংক্ৰামক ৰোগৰ বীজাণু বা অণুজীৱ মানুহৰ শৰীৰত প্ৰৱেশ কৰিলে ৰোগৰ সৃষ্টি হয়। এনে ৰোগৰ বীজাণু এজনৰপৰা আনজনলৈ যায়। ৰোগীক চোৱা-চিতা কৰিলে আনৰ গালৈ বীজাণু যাব পাৰে অথবা বীজাণু থকা কাপোৰ-কানি, বাচন-বৰ্তন, বিচনা-পত্ৰৰপৰা আনৰ গালৈ বীজাণু যায়। কিছুমান সোঁচৰা ৰোগ আকৌ পোনে পোনে এজনৰ শৰীৰৰপৰা আন এজনৰ শৰীৰলৈ যাব নোৱাৰে। ইয়াৰ বাবে বাহকৰ প্ৰয়োজন হয়। মেলেৰিয়া এজনৰপৰা আন এজনৰ শৰীৰলৈ মাইকী এন’ফিলিছ মহৰ জৰিয়তেহে যাব পাৰে।

বিভিন্ন সংক্ৰামক ৰোগ বোৰ হৈছে যেনে :

  • ভাইৰাছজনিত ৰোগ


ৰোগৰ নাম বীজাণুৰ নাম ৰোগ বিস্তাৰৰ মাধ্যম

  • বসন্ত (মাজু আই) ভেৰিছে’লা-জ’ষ্টাৰ ভাইৰাছ প্ৰতিপাল বা চোৱা-চিতা কৰিলে এজনৰপৰা আনজনৰ গালৈ যায়। ৰোগীৰ কাপোৰ-কানি, বিচনা-পত্ৰ আৰু বাচন-বৰ্তন চুলেও যায়।
  • পলিঅ’মায়েলিটিছ
  • এণ্টেৰ’ভাইৰাছ
  • ভাইৰাছযুক্ত খাদ্য, পানী আদি শৌচৰ লগত বিস্তাৰিত হয়।
  • জলাতংক ৰেবিজ ভাইৰাছ বলিয়া কুকুৰ, শিয়াল আদি জন্তুয়ে কামুৰিলে এই ৰোগ হয়।

বেক্টেৰিয়াজনিত ৰোগ

  • কলেৰা ভিব্ৰিও ক’লেৰি বীজাণুযুক্ত খাদ্য আৰু পানী। মাখি এই ৰোগৰ প্ৰধান বাহক।
  • যক্ষ্মা মাইক’বেক্টেৰিয়াম টিউবাৰকুল’ছিছ বায়ুৰদ্বাৰা বিস্তাৰিত হয়। ৰোগীৰ সংস্পৰ্শলৈ আহিলে ৰোগ হয়।
  • টাইফয়ড ছালম’নেলা টাইফি জীৱাণুযুক্ত খাদ্য, পানী বা গাখীৰৰ লগত দেহত সোমায়।
প্ৰট’য’ৱাজনিত ৰোগ

  • মেলেৰিয়া প্লাজম’ডিয়াম স্ত্ৰী এন’ফিলিছ মহে এজন ৰোগীক কামুৰি নিৰোগী মানুহৰ তেজ খাওঁতে এই ৰোগ বিয়পে
  • এমিবিক গ্ৰহণী এণ্টামিবা হিষ্ট’লাইটিকা পানী, কেঁচা শাক-পাচলি, ফলমূল আদিৰ জৰিয়তে এজন ৰোগীৰ শৌচৰ লগত পুঢীবোৰ আন এজনৰ পেটলৈ যায়।

কৃমিজাত ৰোগ


  • ফিটাকৃমি টিনিয়া ছ’লিয়াম মানুহৰ শৌচৰপৰা কণী গাহৰিৰ শৰীৰত প্ৰৱেশ কৰে। ভালকৈ নিসিজা গাহৰীৰ মাংস খালে গাহৰিৰ পেটত থকা থলীপোক পুনৰ মানুহৰ পেটত সোমায়।
  • ঘূৰণীয়া কৃমি এছকাৰিক লুম্ব্ৰিকয়ডছ পানী, কেঁচা শাক-পাচলি, ফলমূলৰ জৰিয়তে কণী মানুহৰ পেটত সোমায়।

ভেঁকুৰজনিত ৰোগ


  • খৰ মাইক্ৰ’স্পবাম, ট্ৰাইকফাইটন আৰু এপিডাৰ্মোফাইটন। বায়ুৰদ্বাৰা বিস্তাৰিত হয়। আক্ৰান্ত লোক, জীৱ-জন্তুৰ সংস্পৰ্শত আহিলেও হয়।

অসংক্ৰাম্যতাৰ অভাৱ

  • শৰীৰত অসংক্ৰাম্য অৱস্থা কমি গ’লে নানা প্ৰকাৰৰ বীজাণুৱে আক্ৰমণ কৰিব পাৰে। অপুষ্টি, বিপাকীয় কাৰ্য্যত ঘটা অস্বাভাৱিকতা, এক্স-ৰে ৰশ্মিৰ প্ৰভাৱ, দৰৱৰ বিষক্ৰিয়া আৰু কিছুমান বীজাণুৰ আক্ৰমণৰ ফলত শৰীৰৰ অসংক্ৰাম্যতা লোপ পাব পাৰে। এনেদৰে অসংক্ৰাম্যতা লোপ পোৱাক আৰ্জিত বা লব্ধ অসংক্ৰাম্যতাৰ অভাৱ বোলা হয়।


অপুষ্টিজনিত ৰোগ :

  •  কোৱাশ্বিঅ’ৰ্কৰঃ মাকৰ গাখীৰৰ সলনি বেছি পৰিমাণৰ কাৰ্বহাইড্ৰেট খুওৱাৰ ফলত এই ৰোগ হয়। এই ৰোগত শিশুৰ ভৰি ফুলে, ছাল আৰু চুলি শেতা হৈ যায় আৰু হজমী শক্তি কমে। মগজুৰ বিকাশ আৰু মানসিক বিকাশ বাধাগ্ৰস্ত হয়। শিশু খিংখিঙীয়া স্বভাৱৰ হয়।

 মেৰাছমাছঃ 

এবছৰৰ তলৰ শিশুৱে মাকৰ গাখীৰৰ সলনি কম পুষ্টিকৰ খাদ্য খাবলগীয়া হ’লে এই ৰোগত ভোগে। প্ৰ’টিন-কেল’ৰিৰ অভাৱতে এই ৰোগ হয়। এই ৰোগত মাংসপেশী শুকাই যায়, হাত-ভৰি চিঞা পৰে আৰু বুকুৰ হাঁড় ওলায়।
Share:

Thursday, 12 September 2019

Assam TET Preparation 2019-অসমীয়া ভাষাৰ জন্ম, ক্ৰমবিকাশ আৰু উপভাষাৰ প্ৰশ্নোত্তৰ

অসমীয়া ভাষাৰ জন্ম, ক্ৰমবিকাশ আৰু উপভাষাৰ প্ৰশ্নোত্তৰ:


১)অসমীয়া ভাষা কি গোষ্ঠীৰ ভাষা?

উত্তৰ: আৰ্য।

২)অসমীয়া ভাষাই ৰূপ পায় কেতিয়া?

উত্তৰ: দশম-একাদশ শতিকাত।

৩)অসমীয়া ভাষাত প্ৰভাব পেলোৱা এটা উল্লেখযোগ্য ভাষাগোষ্ঠীৰ নাম উল্লেখ কৰা।

উত্তৰ: তিব্বত বৰ্মী।

৪)আৰ্য ভাষা প্ৰসাৰত গুৰুত্ব দিয়া অসুৰ ৰজা জন কোন?

উত্তৰ: নৰকাসুৰ।

৫)অসমত ব্ৰাহ্মণসকলক প্ৰতিষ্ঠা কৰা ৰজাজন কোন?

উত্তৰ: নৰকাসুৰ।

৬)ভাৰতীয় আৰ্যভাষাৰ স্তৰ কেইটা?

উত্তৰ: তিনিটা।

৭)মধ্য ভাৰতীয় আৰ্যভাষাৰ এটা উদাহৰণ হ’ল-

উত্তৰ: পালি ভাষা।

৮)প্ৰাচীন আৰ্য ভাষাৰ দুটা উদাহৰণ হ’ল-

উত্তৰ: বৈদিক ভাষা আৰু সংস্কৃত ভাষা।

৯)প্ৰাকৃত ভাষাৰ স্তৰ কেইটা?

উত্তৰ: তিনিটা।

১০)আদি প্ৰাকৃতৰ নিদৰ্শন ক’ত পোৱা যায়?

উত্তৰ: অশোকৰ শিলালিপিত।

১১)অপভ্ৰংশৰ নমুনা পোৱা এখন গ্ৰন্থ কি?

উত্তৰ: কীতিলতা।

১২)সহজীয়া বৌদ্ধাচাৰ্যসকলৰ গীতবিলাকক কি বুলি জনা যায়?

উত্তৰ: চৰ্যাপদ।

১৩)প্ৰাকৃতৰ আঞ্চলিক ৰূপ কেইটা?

উত্তৰ: চাৰিটা।

১৪)প্ৰাচ্য অপভ্ৰংশৰ শাখা কেইটা?

উত্তৰ: চাৰিটা।

১৫)প্ৰাচ্য অপভ্ৰংশৰ পৰা ওলোৱা এটা ভাষা

উত্তৰ: পশ্চিম বংগৰ উপভাষা।

১৬)অসমীয়া ভাষাৰ বিষয়ে লিখা বিদেশী পৰিব্ৰাজকজন কোন?

উত্তৰ: হিউৱেনচাং।

১৭)চৰ্যাপদবোৰ অসমীয়া ভাষাৰ কিহৰ লগত মিল আছে?

উত্তৰ: ধ্বনিতত্ত্ব।

১৮)চৰ্যাপদবোৰত ব্যৱহৃত হোৱা অসমীয়া শব্দ এটা হ’ল-

উত্তৰ: মোলান।

১৯)মাধৱ কন্দলিয়ে কি গ্ৰন্থ ৰচনা কৰিছিল?

উত্তৰ: ৰামায়ণ।

২০)অসমীয়া আৰু বঙলা সাহিত্যৰ উমৈহতীয়া সম্পদৰূপে পৰিগণিত গ্ৰন্থখন কি?

উত্তৰ: কৃষ্ণ কীৰ্ত্তন।

২১)মধ্যযুগৰ অসমীয়া গদ্য সাহিত্যিৰ উল্লেখযোগ্য নিদৰ্শন কি?

উত্তৰ: বুৰঞ্জী সাহিত্য।

২২)বুৰঞ্জীৰ গদ্যত কি উপভাষাৰ নিদৰ্শন পোৱা যায়?

উত্তৰ: কামৰূপী উপভাষা।

২৩)তলত দিয়া গদ্যৰ নিদৰ্শনটো ক’ৰ পৰা তুলি লোৱা হৈছে?

‘তাকে শুনি লক্ষ্মীনাৰায়ণে দ্বিলাক খেদি আহিল। বঙ্গালে খাহবাক নপাই গড়ৰ ভিতৰতে সুখাই মৰে……….তাহানাৰ মুখত আহনাৰ সঙ্গে। তেৱে গুৱাহাটীত ধৰিলে যাই আৰু অজ্ঞানত মৰিছাহ’।

উত্তৰ: বুৰঞ্জীৰ পৰা।

২৪)কোন সময়ত কমতাপুৰত সাহিত্য সৃষ্টি হয়?

উত্তৰ: দশম শতিকাত।

২৫)কামৰূপী ভাষাটো অসমৰ বাহিৰৰ কোনখন ঠাইত প্ৰচলিত আছিল?

উত্তৰ: বিহাৰৰ পূৰ্ণিয়া জিলা।

২৬)উপভাষা কাক বোলে?

উত্তৰ: ভাষাৰ আঞ্চলিক ৰূপক।

২৭)ভাষাৰ অখণ্ডতা ৰক্ষাৰ ক্ষেত্ৰত ভূমিকা লোৱা এট উপাদান হ’ল-

উত্তৰ: যাতায়তৰ সুবিধা।

২৮)মান্য ভাষাৰ সৃষ্টি হয়-

উত্তৰ: উপভাষাৰ পৰা।

২৯)উপভাষাৰ পৰা সৃষ্টি হোৱা এটা মান্যভাষা হ’ল-

উত্তৰ: অসমীয়া।

৩০) উপভাষা এটাই মান্য ভাষাৰ স্বীকৃতি লাভ কৰাৰ মাধ্যমবোৰ হ’ল-

উত্তৰ: বাতৰি কাকত।

৩১)সাংস্কৃতিক কেন্দ্ৰৰ পৰিৱৰ্তনে সৃষ্টি কৰা এটা মান্য ভাষা হ’ল-

উত্তৰ: অসমীয়া।

৩২)শংকৰদেৱৰ ৰচনাত কোন জিলাৰ ভাষাৰ নিদৰ্শন পোৱা যায়?

উত্তৰ: কামৰূপ।

৩৩)অসমীয়া ভাষাৰ এটা উপভাষা হ’ল-

উত্তৰ: কামৰূপী।

৩৪)আহোম ৰজাসকলৰ তত্ত্বাবধানত সাংস্কৃতিক কেন্দ্ৰৰূপে পৰিগণিত হোৱা ঠাইডোখৰ হ’ল-

উত্তৰ: শিৱসাগৰ।

৩৫) কামৰূপী উপভাষাৰ পৰিসৰ কমি উপভাষালৈ পৰিৱৰ্তিত হয়-

উত্তৰ: সোতৰ শতিকাৰ পিছত।
Share: