ভাষাৰ ক্ষেত্ৰত শ্ৰবণ, কথন, পঠন আৰু লিখনৰ ভূমিকা,
ভাষাৰ কাৰ্য্য আৰু শিশুৱে ইয়াক কিদৰে উপকৰণ
হিচাবে ব্যৱহাৰ কৰে।
ভাষা এটা ভালদৰে শিকিবলৈ হ’লে শ্ৰবণ, কথন, পঠন আৰু লিখন এই চাৰিটা অৱস্থা অতিক্ৰম কৰিব লাগিব। এই কেইটাৰ সুষম বিকাশৰ ওপৰতেই ভাষাৰ জ্ঞান নিৰ্ভৰশীল। শ্ৰৱণৰ দ্বাৰা এটা ভাষা বুজিব পৰা যায়। পঠনৰ দ্বাৰা সাহিত্য বা গ্ৰন্থক হৃদয়ঙ্গম কৰিব পাৰি আৰু লিখনৰ দ্বাৰা মনৰ ভাব-অনুভূতিক ঠিকমতে প্ৰকাশ কৰিব পাৰি। সেয়ে ভাষা শিক্ষাৰ ক্ষেত্ৰত উক্ত চাৰিটা স্তৰৰ বিশেষ গুৰুত্ব আছে।
ক) শ্ৰৱণ(Listening)
- কথা শুনিলেহে বোধৰ জন্ম হয় আৰু শ্ৰৱণ শক্তি বাঢ়ে। সেয়ে শুনাৰ সময়ত শিক্ষক বা অভিভাবকে ভূল-ক্ৰুটি ৰাখিব নালাগে, শব্দৰ সঠিক উচ্চাৰণৰ ওপৰত গুৰুত্ব দিব লাগে আৰু শব্দবোৰৰ কোনখিনিত জোৰ দিব লাগে বা নালাগে সেই বিষয়ে সচকিত হৈহে তেওঁলোকক কথাবোৰ শুনাব লাগে।
- দ্বিতীয়তে পিতৃ-মাতৃ তথা অভিভাৱকসকলে ভাষা শিক্ষাৰ ক্ষেত্ৰত কোনটো ৰূপ গ্ৰহণীয় তাক ছাত্ৰসকলক বুজাই দিব লাগে। সাধাৰণতে কথিত ভাষাত ঘৰত কথা পতা হয়, কিন্তু বিদ্যালয়ত সেই ভাষা নচলে। গতিকে পৰাপক্ষত মান্য ভাষাতেই তেওঁলোকক কথাবোৰ শুনাব লাগে।
- তৃতীয়তে শ্ৰুতলিপি দিয়াৰ সময়ত শুদ্ধ উচ্চাৰণৰ ওপৰত গুৰুত্ব দিয়া প্ৰয়োজন। কাণ শ্ৰুতলিপি লেখি যোৱাৰ সময়ত শিশুসকলৰ শ্ৰৱণ শক্তি সূক্ষ্ম হয়।
- চতুৰ্থতে মাক-দেউতাক, অভিভাৱক আদিয়ে কথা পাতোতে দৃষ্টি ৰাখিব লাগে যাতে সিহঁতে শুনা শব্দবোৰে সিহঁতৰ চৰিত্ৰ গঠনত সহায় কৰিব পাৰে।
- পঞ্চমতে পৰিবেশৰ পৰাও শ্ৰৱণ শক্তিৰ বিশেষ বিকাশ হ’ব পাৰে।
- যেনে- এজন শিশুৱে যেতিয়া হিন্দী কয় তেতিয়া বুজিব লাগিব তাৰ সেই পৰিবেশত কোনোবা হিন্দীভাষী লোক আছে যাৰ পৰা কথা শুনি সি হিন্দী ভাষাটো আয়ত্ব কৰিলে। গতিকে পৰিবেশে ভাষা শিক্ষাৰ ক্ষেত্ৰত শ্ৰৱণৰ মাধ্যমত এক বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
খ) কথন(Speaking)
- শিশুৱে প্ৰথম মাতৃভাষাতেই কথা ক’বলৈ আৰম্ভ কৰে আৰু ইয়াক ই মাকৰ পৰাই শিকি লয়। তাৰ পিছত অন্যক অনুকৰণ কৰি কথা ক’বলৈ আৰম্ভ কৰে। এইখিনি সময়ত মাকে যত্ন লোৱা উচিত যাতে শিশুটোৱে ঠিকমতে কথাখিনি উচ্চাৰণ কৰিব পাৰিছে। সেইখিনি সময়ত ব্যাকৰণৰ প্ৰয়োজন নাথাকে। গতিকে দুই-এটা ভুলকৈ হ’লেও তাক স্পষ্টভাৱে কথা ক’ব দিব লাগে আৰু ইয়াৰ যোগেদিয়ে তাৰ বাকশক্তি বাঢ়ে।
- ল’ৰা-ছোৱালীয়ে যিমানে কথা কয় সিমানেই তাৰ ভাষা কোৱাৰ দক্ষতা বাঢ়ে।
- বিদ্যালয়লৈ নোযোৱাকৈও কথিত ভাষাতেই মাতৃভাষাক আয়ত্ত কৰা সম্ভৱ। সেয়ে কথিত ভাষাৰ অনুশীলন কেতিয়াও বন্ধ কৰিব নালাগে।
গ) পঠন(Reading)
- পঠনৰ যোগেদি ভাষা শিক্ষাৰ পাঠ আৰম্ভ হয়। ইয়াৰ যোগেদি জ্ঞান-ভাণ্ডাৰ উন্মুক্ত হয়।
- ভাষাৰ কিতাপ এখন পঢ়িলে সেই ভাষাটোৰ বৈজ্ঞানিক বিশ্লেষণ আমাৰ জ্ঞাত। সাহিত্য পাঠে আমাৰ মনত ৰুচিবোধ জন্মায়। বিজ্ঞানৰ গ্ৰন্থই বিশ্লেষণ ক্ষমতা বঢ়ায় আৰু দৰ্শন শাস্ত্ৰৰ অধ্যয়নে আমাৰ মননশীলতাৰ বিকাশ ঘটায়। গতিকে ছাত্ৰ-ছাত্ৰী বা শিশুক ভাষা শিক্ষা জ্ঞান দিবলৈ পঠনৰ অভ্যাস কৰাব লাগিব।
- পঠনৰ যোগেদিয়ে বিভিন্ন গ্ৰন্থৰ ৰচনা ৰীতিত শব্দ প্ৰয়োগ, শব্দবিলাকৰ গুৰুত্বৰ এই বিষয়ে তেওঁলোকে জ্ঞান আহৰণ কৰে। গতিকে পঠন নোহোৱাকৈ ভাষা শিকাটোও অসম্ভৱ কথা।
ঘ) লিখন(Writing)
- লিখনৰ বাবে কিছুমান উপকৰণৰ প্ৰয়োজন হয়। যেনে- বৰ্ণমালা, আখৰ আদিৰ বিষয়ে শিশুৱে জানিব লাগিব। লিখনৰ যোগেদি আনক মনৰ কথাখিনি অৱগত কৰিব পাৰি।
- লিখনৰ দ্বাৰা শাৰীৰিকভাৱে বাধাগ্ৰস্ত শিশুয়েও নিজৰ মনৰ কথা প্ৰকাশ কৰিব পাৰে। সেয়ে শিশুক পঢ়াশালিলৈ অহাৰ লগে লগে লিখনৰ গুৰুত্ব সম্পৰ্কে ভালদৰে বুজাই কোৱাৰ দৰকাৰ।
- লিখনৰ লগত ৰুচিবোধৰ কথা জড়িত হৈ আছে। সুলিখনে কথাখিনি অইনক বুজাত সহায় কৰে আৰু লিখকৰ সৌন্দৰ্যবোধৰ ধাৰণা প্ৰকট কৰে। সেয়ে অভিভাৱক বা শিক্ষকসকলে লিখন বিদ্যাৰ ওপৰত বিশেষ গুৰুত্ব দিব লাগে।
- লিখন বিদ্যাই জ্ঞানক আৰু ভাৱক স্থায়িত্ব দিয়ে।
Functions of language (ভাষাৰ কাৰ্য্য)
- Expressive and Communicative Functions (যোগাযোগমূলক কাৰ্য্য)
- Interpretative Functions (ব্যাখ্যামূলক কাৰ্য্য)
- Control function (নিয়ন্ত্রণ কাৰ্য্য)
- The Functions of Remembering and Thinking (স্মৰণ আৰু চিন্তাৰ কাৰ্য্য)
- Social Functions of Language (ভাষাৰ সামাজিক কাৰ্য্য)
- Creative Functions (সৃজনশীলতাৰ কাৰ্য্য)
0 comments:
Post a Comment